(as) গুৰু সিয়াগ যোগ

বহুত সৰল, চিধা আৰু সহজ মাধ্যমেৰে আধ্যাত্মিক মাৰ্গত আগবাঢ়িবলৈ ইচ্ছা ৰখা সকল, দেশ-বিদেশৰ সাধকৰ বাবে এই ৱেৱছাইত আগবঢ়োৱা হৈছে। গুৰুদেৱৰ যিসকল শিষ্যই গুৰুদেৱৰ স’তে থাকি কেবাবছৰো গুৰু সিয়াগ মিছনৰ কাৰ্য কৰিছে, এই ৱেবছাইট গুৰু সিয়াগৰ সেইসকল শিষ্যৰ দ্বাৰা পৰিচালিত হয়। এই শিষ্যসকলে গুৰু সিয়াগৰ স’তে ভাৰত তথা বিদেশতো মিছন সম্বন্ধিত কাৰ্য আৰু যাত্ৰা কৰিছে। আধ্যাত্মিক জীৱনত পদোন্নতিৰ হেতু দেশ-বিদেশৰ সাধকৰ দ্বাৰা সোধা প্ৰশ্নৰ গুৰুদেৱে যি সহজভাৱে উত্তৰ দিছে তাৰদ্বাৰা গুৰুদেৱৰ দৰ্শন বহু ওচৰৰ পৰা জনাৰ সুবিধা লাভ কৰিছো। গুৰুদেৱে সাধকক, সাধনা কৰিব বিচৰাসকল,সাধাৰণ জনতাৰ সৈতে যি ব্যক্তিগত বাৰ্তালাপ আৰু তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিছিল, সেই সকলো সংযুক্ত কৰি এই ৱেবছাইট বনোৱা হৈছে। সাধকৰ আধ্যাত্মিক মাৰ্গত আগবঢ়াৰ উৎসাহহেতু, তেওঁলোকৰ অনুভৱকো এই ৱেবছাইটত সন্নিৱিষ্ট কৰিছে। এই ৱেবছাইটত লিখা বস্তুৱে সাধকে ব্যক্ত কৰা অনুভৱ আদিৰ আধাৰত সলনি হৈ থাকে। নতুন প্ৰশ্ন-উত্তৰ, লাহে লাহে সন্নিবিষ্ট হৈ গৈ থাকিব। ভিন্ন দেশৰ সাধকে এই ৱেবছাইটৰ সামগ্ৰী, তেওঁলোকৰ স্থানীয় ভাষালৈ অনুবাদ কৰাৰ লগতে ইয়াক নবীনিকৰণত অহৰহ সহযোগ কৰি আছে। সময়ে সময়ে নতুন নতুন ভাষাৰ সংযোগ হৈ আছে।www.gurusiyagyoga.org ৱেবছাইটতো সম্পূৰ্ণৰুপে নিজৰ অধিকাৰৰ অধীনত, কোনো প্ৰকাৰে আনৰ দ্বাৰা প্ৰভাৱিত নহয়। এই ৱেবছাইট দেশ-বিদেশৰ কোনো অন্য সংস্থাৰ সৈতে জড়িত নহয়। এই ৱেবছাইটে প্ৰচাৰ কাৰ্য চলোৱাৰ নামত কোনো ধৰণৰ আৰ্থিক সহযোগ বা দান বৰঙণি নিবিচাৰে। এই ছাইটতো পৰিচালনা কৰা শিষ্য স্বইচ্ছাই বিনা কোনো আৰ্থিক সহায়েৰে বা পৃষ্ঠপোষকৰ সহায়ত স্বেচ্ছাই এই ছাইটতো চম্ভালি আছে। গুৰু সিয়াগৰ দ্বাৰা দেখুওৱা পথ- “ৰামৰ নাম বিক্ৰি কৰা নহয়” নীতি অনুসৰণ কৰি গুৰু সিয়াগ যোগ সদায়ে সকলো ধৰণে সম্পূৰ্ণ বিনামূলীয়া। ইয়াৰ ওপৰত কাৰো একচেতীয়া অধিকাৰ নাথাকে।

error: Content is protected !!