ধ্যান তথা মন্ত্ৰ জপ কৰাৰ ফলত সাধকৰ কুণ্ডলিনী জাগ্ৰত হবলৈ ধৰে। এই শক্তি প্ৰত্যেক ব্যক্তিৰ ৰাজহাড়ৰ শেষভাগত তথা ৬ টা চক্ৰত সুপ্ত অৱস্থাত থাকে। যেতিয়া কোনো সামৰ্থবান গুৰু যেনে গুৰু সিয়াগৰ দ্বাৰা শক্তিপাত দীক্ষা প্ৰাপ্ত কৰে আৰু গুৰুদেৱ দ্বাৰা কোৱা সাধনা নিয়মিয়াকৈ কৰে তেওঁৰ কুঁণ্ডলিনী শক্তি জাগ্ৰত হয়। যেতিয়া এই কুণ্ডলিনী শক্তিয়ে ৬ চক্ৰৰ মাজেৰে গৈ মূৰৰ ওপৰৰ ভাগত অৱস্থিত সহস্ৰৰ চক্ৰ পায়, তেতিয়া সাধকৰ পূৰ্ণত্ব উপলব্ধি হয় বুলি ধৰা হয়। সাধকৰ ধ্যানৰ সময়ত তেওঁৰ শৰীৰৰ আৱশ্যকতা অনুসৰি যৌগিক ক্ৰিয়া যেনে আসন, ক্ৰিয়া, বন্ধ, মুদ্ৰা, প্ৰাণায়াম আদিৰ ফল প্ৰাপ্তি হয়। এই ক্ৰিয়াই সাধকৰ শাৰীৰিক, মানসিক অসুস্থতা তথা নিচাৰ পৰা মুক্ত কৰে। কিছুমান সাধকৰ মনত বিভিন্ন ধৰণৰ অনুভূতি উদয় হয়, যিয়ে সাধকৰ আধ্যাত্মিক বিকাশৰ পথত আগুৱাই লৈ যায়।