(as) গুৰু সিয়াগ যোগ

উদ্বেগৰ পৰা মুক্তি  Freedom from Anxiety

চিকিৎসাবিজ্ঞানে উদ্বেগৰ পৰা মুক্তিৰ উপাই টোপনি বা বিষৰ বড়ি দিব। নিচা গুৰু সিয়াগ যোগীয়েও কৰাই, কিন্তু সেয়া নামমাত্ৰহে। মন্ত্ৰৰ নিৰন্তৰ জাপে মনত একধৰণৰ নিচাৰ সৃষ্টি কৰে। যাৰ দ্বাৰা মানসিক ৰোগ যেনে ভয়, চিন্তা, অনিদ্ৰা, আক্ৰোশ, উদ্বেগ, হতাশা, ফোবিয়া আদিৰ পৰা নিজে নিজেই মুক্তি লাভ কৰে। মানসিক চিন্তা, উদ্বেগ বা আক্ৰোশৰ কাৰণ যেনে- চাকৰি, বিবাহ, পৰিয়াল, আৰ্থিক, অফিচ সম্বন্ধীয়, শিশু সম্বন্ধীয়, কেছ-মোকৰ্দমা, তন্ত্ৰ-মন্ত্ৰ আদি যিকোনো হব পাৰে। নিয়মিত ধ্যান আৰু নাম জাপৰ দ্বাৰা মাত্ৰ কিছুদিনৰ ভিতৰতে সুফল পাবলৈ আৰম্ভ কৰিব। ধ্যানৰ ফলত আপোনাৰ সমস্যাসমূহৰ সমাধান দেখিবলৈ পাব, যাৰ জৰিয়তে আপোনাৰ উদ্বেগ বা আক্ৰোশ কমিবলৈ ধৰিব। সমস্যাসমূহৰ সমাধান হঠাতে ধ্যানৰ জৰিয়তে, কোনো ব্যক্তিৰ দ্বাৰা, কাৰোবাৰ পৰা অহা ফোনকলৰ জৰিয়তে, কিতাপৰ পৰা, বা অন্য যিকোনো মাধ্যমেৰে হ’বলৈ ধৰে। GSY মনোবৈজ্ঞানিক আৰু ভাবনাত্মক অসন্তুলন দূৰ কৰি শৰীৰক সম্পূৰ্ণ স্বস্থ্য কৰে।

 

শাৰীৰিক ৰোগৰ পৰা মুক্তি Freedom from Physical Diseases

আধুনিক চিকিৎসাবিজ্ঞানত মানব শৰীৰত মুখ্যত দুই প্ৰকাৰৰ বেমাৰ থাকে, সেয়া হ’ল- শাৰিৰীক আৰু মানসিক। যিবোৰ চিকিৎসকে আভ্যন্তৰীণ বা বাহ্যিকভাবে ঔষধ অথবা থেৰাপীৰ জৰিয়তে চিকিৎসা কৰে। প্ৰাচীন কালৰ যোগীসকলে ধ্যানৰ অনুভৱৰ আধাৰত কয় যে ব্যক্তিৰ শৰীৰত ৰোগ বৰ্তমান বা অতীতৰ কৰ্মৰ ভিত্তিত হয়। ব্যক্তিৰ প্ৰত্যেক আচৰণৰে প্ৰতিক্ৰিয়া (কৰ্মৰ ফল)হয়, যিবোৰৰ ফল হয়তো এই জন্মতে হব অন্যথা পিছৰ জন্মত হয়। মানুহ মাত্ৰেই জীৱন মৃত্যুৰ চক্ৰত বান্ধ খাই থাকে আৰু তেওঁ কৰ্মৰ আধাৰত জীৱনৰ অনুভৱ কৰে। এয়া প্ৰকৃতিৰ নিয়ম। ব্যক্তি জীৱন মৰণৰ এই চক্ৰতে বান্ধ খাই থাকে। গুৰু সিয়াগ যোগৰ সাধনাৰে সাধকে কৰ্মৰ বন্ধনৰ পৰা মুক্ত হয় আৰু সমৰ্থ গুৰুৰ বিধি হোৱা হেতু কষ্ট সহজ ৰূপত পাৰ হয়। লগতে সাধনাৰ বলত কোনোধৰনৰ ভুল কাৰ্য নহয়। আত্মসাক্ষাৎ হোৱাৰ বাবে সাধকে কৰ্মফলৰ ইচ্ছাৰ পৰা সহজেই মুক্ত হব পাৰে। পতঞ্জলি যোগসূত্ৰত শাৰীৰিক (আদিদৈহিক), আৰু মানসিক (আদিভৌতিক)ৰোগৰ ওপৰিও আধ্যাত্মিক(আদিদৈবিক)ৰোগৰ কথাও উল্লেখ আছে। আধ্যাত্মিক ৰোগৰ বাবে আধ্যাত্মিক উপাচাৰৰো প্ৰয়োজন আছে। নিয়মিত ধ্যান আৰু নাম জাপ কৰি সাধকে আধ্যাত্মিক ৰোগৰ পৰা শীঘ্ৰে মুক্তি পাব পাৰে।

 

নিচাৰ পৰা মুক্তি Freedom from Addiction

প্ৰত্যেক ব্যক্তিৰ ভিতৰত তিনি প্ৰকাৰৰ বৃত্তি থাকে- সাত্বিক (শুদ্ধ, শান্ত, প্ৰকাশ), ৰাজসিক (আবেশপূৰ্ণ, তীব্ৰ, ক্ৰোধশীলতা), তামসিক (নিস্ক্ৰিয়, নকাৰাত্মক, অজ্ঞানতা, এলেহুৱা) । এই বৃত্তিসমূহে প্ৰত্যেকৰে ব্যক্তিত্ব নিৰ্ধাৰণ কৰে, বৃত্তিৰ আধাৰতেই ব্যক্তিৰ জীৱন, তেওঁৰ কৰ্ম, শোক, আদি হয়। ব্যক্তিৰ খোৱাৰ ধৰণো তেওঁৰ বৃত্তিৰ আধাৰত হয়। যিদৰে তামসিক বৃত্তি ভাৰী হ’লে ব্যক্তি নিচাৰ বশৱৰ্তী হয়। ধ্যান আৰু নামজপৰ দ্বাৰা ব্যক্তিৰ বৃত্তিত পৰিৱৰ্তন আহে। কোনো ব্যক্তিয়ে নিৰন্তৰ নাম জাপ কৰাৰ ফলত এনেকুৱা এক নিচাৰ আৱেশত সোমাই থাকে যে তেওঁ অন্য বস্তুৰ নিচা লোৱাৰ প্ৰয়োজন অনুভৱ নকৰে। যাৰ দ্বাৰা অখাদ্য বস্তৰ নিচা নিজে নিজেই নোহোৱা হৈ যায়। নিচা আপুনি নহয়, আপোনাৰ ভিতৰত থকা তামসিক বৃত্তিটোৱে বিচাৰে। এই ধ্যানৰ দ্বাৰা তামসিক বৃত্তি, সাত্বিক বৃত্তিলৈ পৰিবৰ্তন হয় আৰু অবাঞ্ছিত বা শৰীৰৰ বাবে অনুপযোগী বা হানিকাৰক বস্তু নিজে নিজে দূৰ হয়। এই সম্পৰ্কে স্বামী বিবেকানন্দদেৱে আমেৰিকাত কৈছিল যে “বস্তুক আপুনি এৰাৰ দৰকাৰ নহয়, সি নিজে আপোনাক এৰি যাব”। সকলো প্ৰকাৰৰ নিচা যেনে মদ, আফিং, ধুম্ৰপান, ভাং, বি়ড়ি, চিগৰেট, গুটখা, জৰ্দা আদিৰ পৰা বিনা পৰিশ্ৰমেৰে মুক্তি লাভ কৰে। যিকোনো খাদ্য-বস্তুৰ প্ৰতি তীব্ৰ আকৰ্ষণ নিজে নিজে নাইকিয়া হ’ব আৰু কোনোধৰণৰ পাৰ্শ্বক্ৰিয়াও নাথাকে। যিদৰে কোনেও মেদবহুলতা নিবিচাৰে, কিন্তু খোৱাৰ (বাস্তৱিকতে শৰীৰৰ তাগিদা) অভ্যাস বন্ধ নহয়, এই ধ্যান তথা নাম জাপৰ জৰিয়তে শৰীৰৰ ওজন হ্ৰাস হোৱাত সহায়ক হয়। খোৱা লোৱাৰ অভ্যাস আপোনাৰ নিয়ন্ত্ৰনলৈ আহিব ধৰিব। এনেধৰণৰ যিকোনো অভ্যাস যিটো আপুনি এৰিব বিচাৰে এই ধ্যান তথা জাপৰ জৰিয়তে স্বয়ংক্ৰিয়ভাবে এৰা যাব। আজি সম্পূৰ্ণ বিশ্বতে ভয়ংকৰ ৰূপত উদ্বেগ বৃদ্ধি পাইছে। সেয়েহে আজিৰ সময়ত বিশ্বত মনোৰোগীৰ সংখ্যা সৰ্বাধিক, বিশেষকৈ পশ্চিমীয়া দেশত। ভৌতিক বিজ্ঞানৰ ওচৰত মানসিক উদ্বেগ শান্ত কৰাৰকোনো কাৰ্যকৰী বিধি নাই। ভৌতিক বিজ্ঞানে কেৱল নিচাৰ সহায়ত মগজু শান্ত কৰাৰ ব্যৰ্থ প্ৰয়াস কৰে। দৰৱৰ নিচা শেষ হোৱা মাত্ৰকেই উদ্বেগ আগৰ দৰে হৈ উঠে, লগতে সেই সম্বন্ধীয় আনুসংগিক ৰোগো অনুৰুপ থাকে। বৈদিক মনোবিজ্ঞান অৰ্থাৎ গুৰু সিয়াগ যোগে,মানসিক উদ্বেগ শান্ত কৰাৰ ক্ৰিয়াত্মক বিধি আগবঢ়ায়। ভৌতিক বিজ্ঞানৰ দৰে ভাৰতীয় যোগ দৰ্শনেও নিচা একধৰণৰ পূৰ্ণ উপাচাৰ বুলি ভাবে, কিন্তু সেই নিচা ঈশ্বৰৰ হব লাগে অন্য কোনো ভৌতিক পদাৰ্থৰ নহয়।

খঙৰ পৰা মুক্তি Freedom from Anger

সকলো প্ৰকাৰৰ ক্ৰোধ পৰিস্থিতিক অধীন কৰিবলৈ কৰা চেষ্টাৰ কাৰণে হয় আৰু পৰিস্থিতি ইচ্ছানুসাৰে ঘটিত নহয় আমাৰ ভিতৰত নিৰাশা আৰু খঙহে উৎপন্ন কৰে। আমি আমাৰ কোনো ইচ্ছা পূৰণ কৰিবলৈ আতুৰ হৈ পৰো, যাৰ ফলত সেই ইচ্ছা পূৰণ নহলেই আমাৰ নিজৰ ভিতৰৰ উৰ্জা অগ্নিলৈ ৰুপান্তৰিত হয়আৰু ইয়েই আমাক জ্বলাই (ক্ৰোধিত কৰে) । গুৰু সিয়াগে কয় যে- মৃত্যৰ পাছত শৰীৰ অগ্নিত জ্বলাই দিয়া হয়, অগ্নিয়ে ইয়াক ছাইলৈ ৰুপান্তৰিত কৰে। কিন্তু ক্ৰোধে ব্যক্তিক জীৱন্তে জ্বলায়। আমি সেই ক্ৰোধতে নিজৰ বিবেক হেৰুৱাই পেলাও আৰু ক্ৰোধতে সেই সকলো কৰি পেলাও বা কৈ পেলাও যিবোৰ পুনৰাই ঠিক কৰিব পৰা নাযাই, যাৰ ফলত চিৰদিনৰ বাবে লোকচানৰ সন্মুখীন হব লগা হয়। ইয়াৰ ফলত সৃষ্টি হোৱা খঙৰ বাবে জীৱনত ভুল সিদ্ধান্তৰ শৃংখলা আৰম্ভ হয়। থেৰাপিষ্ট আৰু চিকিৎসকে এই ক্ৰোধৰ পৰা পৰিত্ৰাণ পাবলৈ বহু ধৰণৰ উপায়ৰ কথা কয় যেনে খং নিয়ন্ত্ৰণ কৰিবলৈ বাহ্যিক প্ৰয়াস, খং প্ৰশমিত কৰা বা ইয়াক অন্য কোনো উপযোগী কামলৈ সলনি কৰাৰ চেষ্টা, বা উশাহ নিশাহৰ ব্যায়ামৰ দ্বাৰা খং প্ৰশমিত কৰাৰ চেষ্টা। কিছুমান বিশেষ পৰিস্থিতিত খঙৰ পৰা তাৎক্ষণিক পৰিত্ৰাণৰ বাবে টোপনিৰ দৰব বা মগজু নিয়ন্ত্ৰনত অনা দৰব দিয়া আদি। এই সকলো উপাই কিছু পৰ্যায়লৈহে আৰু বহুত কম সময়লৈহে সহায়ক হয়। কিন্তু খঙৰ সমস্যা সমাধান নহয়। অন্যভাষাত কব হলে এই উপায়েৰে কিছু পৰিমানে সেই খঙক বাহিৰলৈ উলিয়াই পঠিওৱাৰ সলনি ভিতৰৰফালে ঘূৰাই দিয়ে, কিন্তু খং স্থায়ীৰুপত শেষ নহয়। গুৰুদেৱে কয় যে, এনেদৰে কেতিয়াও সমাপ্ত নোহোৱা ক্ৰোধৰ শৃংখলা এটি আৰম্ভ হয়। তুমি তোমাৰ খং কাৰোবাৰ ওপৰত এৰি দিয়া আৰু সেই ব্যক্তিয়েও সেই খং শান্তিৰে গ্ৰহণ নকৰিব। সেই ব্যক্তিৰ খং কোনো অন্য ৰুপত আপোনাৰ বা আন কাৰোবাৰ ওপৰত প্ৰকাশ পাব। এনেদৰে খং শান্ত হোৱাৰ কোনো শেষ নাই। এইটো এনেকুৱা হয় যে কাৰবাৰ ওপৰত লেতেৰা জাপি দিলে নিজলৈও লেতেৰা চপাই লোৱাহে হয়। জন্ম জন্মান্তৰৰ পৰা এইটো চলি আহিছে যে এতিয়া এই ক্ৰোধ ঘৃণালৈ পৰিৱৰ্তিত হৈছে। কোনেও এই ঘৃণা চক্ৰটো চিঙিব পৰা নাই।

গতিকে এই খং আৰু ঘৃণাৰ চক্ৰটো ভঙা কিদৰে যায়? ইয়াৰ বাবে গুৰুদেৱে কয় যে এই খঙক সম্পুৰ্ণৰুপে নোহোৱা কৰিবলৈ বা গলাই পেলাবলৈ ধ্যান সমুদ্ৰৰ প্ৰয়োজন হয়। খঙৰ কাৰণ অন্য কাৰোবাৰ মাজত বিচৰাৰ পৰিৱৰ্তে, সাধকে ইয়াক পৰ্যবেক্ষণ কৰিব লাগে, তেতিয়া ব্যক্তিয়ে গম পাব যে ক্ৰোধ একপ্ৰকাৰৰ আবেগ হয় যাৰ শিপা কোনো দ্বিতীয় ব্যক্তি বা ঘটনাত নাথাকে।. ধ্যানত তুমি কাৰো প্ৰতি খং ভাব নাৰাখা। কেৱল তুমি খঙত থাকা। তুমি পাবা যে ক্ৰোধ এক এনেকুৱা উৰ্জা হয় যিটো বাহিৰতে আছিল আৰু তুমি তাক নিজৰ ভিতৰলৈ সোমাবলৈ অনুমতি দিছা। যেতিয়া ই তোমাৰ ভিতৰত প্ৰবেশ কৰে তেতিয়া এক বিশেষ ৰুপ লয়। ই ক্ৰোধ বা কোনো অন্যফালে ঢাল খাব অথবা নিজক হাঁহিয়তৰ পাত্ৰ কৰা স্থিতিলৈহে নিয়া হব। ধ্যানত সেই ক্ৰোধৰ কোনো বিশেষতা নাথাকে, যেতিয়াই খং অনুভৱ কৰিব সাধকে তাক ধ্যানত বিসৰ্জিত কৰিব। এনেদৰে যি খং তোমাৰ ফালে আহিছিল তাক সেই ব্ৰহ্মাণ্ডত পেলাই দিয়া হয়। যিদৰে এখন নদী সমুদ্ৰত মিলি যায় তেতিয়া নিজৰ স্বৰুপ হেৰুৱাই সমুদ্ৰৰ ৰুপ লয়। ঠিক সেইদৰে খং ধ্যানত এৰি দিলে সেয়া সেই ব্ৰহ্মাণ্ডত বিলীন হৈ যায়। এয়া এবাৰ মাত্ৰ প্ৰয়াসতে নহয়। সাধকৰ খং উঠিলেই সচেতনভাবে এই বিধি অৱলম্বন কৰিব লাগে। লাহে লাহে আপোনাৰ খং নাইকীয়া হব। যদি খং উঠি থকা সময়ত ধ্যান কৰাতো সম্ভব নহয় তেন্তে মন্ত্ৰ জাপ আৰম্ভ কৰি দিব লাগে। গুৰুদেৱে কয় যে তুমি যেতিয়াই খঙৰ প্ৰথম তৰংগ অনুভৱ কৰা, লগে লগে মন্ত্ৰ জাপ কৰিবলৈ আৰম্ভ কৰিব লাগে। মন্ত্ৰৰ তৰংগই সেই খঙৰ তৰংগৰ ব্যৰ্থতাৰ অনুভৱ নিজে নিজে কৰাব। খঙৰ সেই তৰংগ তোমাৰ ভিতৰত সোমোৱাৰ বিপৰীতে কাষেৰে পাৰ হৈ যাব। তুমি খঙৰ সেই তৰংগৰ পৰা প্ৰভাৱিত নোহোৱাকৈ থাকি যাবা।

শিশুৰ বাবে জি.এছ.ৱাই (GSY) GSY for Children

প্ৰায় সকলোৰে ধাৰণা এটা যে মেডিটেচন কৰিবলৈ ধ্যান কেন্দ্ৰিত কৰিব লাগে, সেয়েহে ই শিশুৰ উপযোগী নহয়। এই চিন্তা শুদ্ধ নহয়। কোনো শিশুয়ে শান্ত হৈ ১৫ মিনিট সময় বহিব নোৱাৰে কিন্তু ৫ মিনিটৰ বাবে ধ্যান নিশ্চয় কৰিব পাৰে। যোতিয়া শিশুৱে এই শান্ত সময়খিনি উপভোগ কৰিবলৈ শিকিব সময়ৰ পৰিসৰ নিজে নিজে বাঢ়ি যাব। শিশুকালছোৱাই হৈছে এনেকুৱা সময় যেতিয়া শিশুসকলৰ ওপৰত কোনোধৰণৰ দায়িত্ব নাথাকে আৰু শিশুসকলে নিজৰ শিশুকাল উপভোগ কৰা উচিত, প্ৰায়েই ডাঙৰসকলে শিশুৰ বিষয়ে এনেদৰেই ভাবে। কিন্তু এয়া আংশিক সত্যহে। নিশ্চিতভাবেই শিশুসকল নিজৰ কাৰ্যৰ পৰিণাম বা ভৱিষ্যতৰ বিষয়ে চিন্তা কৰিবলৈ বুজন নহয়। কিন্তু শিশুৰো নিজৰ সমস্যা থাকে যেনে পঢ়া-শুনাৰ চিন্তা, বিদ্যালয়ৰ চিন্তা, ডাঙৰৰ তেওঁলোকৰ প্ৰতি ব্যৱহাৰ, সামাজিক বাতাবৰণ আৰু আশা, শৰীৰৰ প্ৰতি চিন্তা (ৰুপ-ৰং), ইত্যাদি। এনেধৰণৰ উদ্বেগে, শিশুৰ ব্যৱহাৰ, খোৱা-লোৱাৰ অভ্যাস, শাৰীৰিক বিকাশ, স্বাস্থ্য, বিদ্যালয়ৰ পঢ়া-শুনা, আচাৰ-ব্যৱহাৰ আদি আৰু অন্য শিশুৰ সৈতে আদান-প্ৰদান আদিত নাকাৰাত্মক ভাবে প্ৰভাৱ পেলায়। গুৰু সিয়াগ যোগে এনেধৰণৰ উদ্বেগৰ দ্বাৰা হোৱা প্ৰভাৱৰ পৰা শিশুক মুক্ত কৰে। শিশুৰ ভিতৰত লুকাই থকা যোগ্যতা আৰু প্ৰতিভাক চমকাই তোলে। গুৰু সিয়াগৰ যোগক বৰ সহজে শিশুৰ স্কুল আৰু ঘৰৰ দৈনিক কামৰ লগত মিলাই লব পৰা যায়।

গুৰু সিয়াগ যোগৰ দ্বাৰা শিশুসকলৰ হোৱা লাভ   (GSY for Kids) –

শিশুক উদ্বেগমুক্ত কৰে : আমি প্ৰায়ে ভাবো যে ধ্যান মানে বিচাৰহীন হোৱাৰ চেষ্টা কৰা, আছলতে সেয়া শুদ্ধ নহয়। আছলতে ই অশান্ত মনক শান্ত কৰাৰ বিধিহে। যিদৰে পানী ভৰ্তি গিলাচ এটাত মাটি ভৰাই লৰাই দিলে সম্পুৰ্ণ গিলাচটোতে মাটিখিনি সাতুৰি থকা দেখা যায়। পিছত লাহে লাহে মাটিখিনি গিলাচৰ তলত বহি যায়। কিছুসময় পিছত মাটি থকা স্বত্বেও গিলাচত পৰিস্কাৰ পানী দৃষ্টিগোচৰ হয়। ঠিক সেইদৰে যেতিয়া আমি মেডিটেচন কৰো বিবেচনাবোৰ কিছুসময় মনতে ঘূৰি থাকে। পিছত শিশুৰমন মন্ত্ৰ জাপত কেন্দ্ৰীভূত হ’লে লাহে লাহে বিচাৰবোৰ শান্ত হবলৈ ধৰে আৰু মনো শান্ত হয়। যেতিয়া মন শান্ত হয় তেতিয়া তাৰ প্ৰভাৱ সম্পূৰ্ণ শৰীৰতে পৰে আৰু উদ্বেগ কম বা নাইকীয়া হৈ যায়।

পঢ়াশুনাত ভাল প্ৰদৰ্শন : শিশুসকলৰ এই কম উদ্বিগন্নতাই সিহঁতৰ সজাগতা বৃদ্ধি কৰে আৰু ধ্যান কেন্দ্ৰীত কৰে। যিসকল বিদ্যাৰ্থীয়ে গুৰু সিয়াগ যোগৰ নিয়মিত অভ্যাস কৰে সেইসকলে ধ্যানৰ পিছত কঠিন বিষয়কো সহজ অনুভৱ কৰে বুলি তেওঁ কয়। একাগ্ৰতা বৃদ্ধিৰ ফলত সিহঁতৰ স্মৃতিশক্তিও বৃদ্ধ হয় আৰু সেয়ে সহজে মনত ৰোৱা হয়।

চিন্তা আৰু হতাশা কম হয় : প্ৰায়ে আমি শুনিবলৈ পাওঁ কোনো শিশু পঢ়াৰ বোজাৰ বাবে বা বিফল হোৱাৰ ভয় বা অন্য কাৰণত হতাশাত ভুগি আত্মহনন কৰে। যদি সিহঁতৰ স্কুল বা কলেজত ১৫ মিনিটৰ ধ্যান পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি লয় তেন্তে এনেধৰণৰ ভয়ানক ঘটনাৰ পৰা বাচিব পৰা যায়। সেইবাবে কমেও পিতৃ-মাতৃয়ে ঘৰত পুৱা-গধুলি ধ্যানৰ বাবে শিশুসকলক বহুৱাব লাগে। শিশুৱে যিমানে কম বয়সত ধ্যান আৰম্ভ কৰিব সিমানে সোনকালে উন্নতিও কৰিব। গুৰু সিয়াগৰ বিধি মতে ধ্যান কৰা শিশুৱে কৈছে যে এতিয়া আগতকৈ ভালভাৱে উদ্বেগ আৰু চিন্তাৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে। পৰীক্ষাৰ আগত ধ্যান, পঢ়িবলৈ বহাৰ আগতে ধ্যান কৰিলে মন বা শৰীৰক শান্ত কৰি ৰাখে আৰু হাতত লোৱা কামত মন ভালদৰে কেন্দ্ৰীভুত হয়।

গুৰু সিয়াগৰ ধ্যানে ভাবনাত্মক সন্তুলনক মজবুজত কৰে : শিশুৱে যিকোনো চাপ থকা পৰিস্থিতিতো শান্ত হৈ ঘটনাৰ অৱলোকন কৰিব পাৰে আৰু আৱেগিক বা হতাশ নোহোৱাকৈয়ে ভৱিষ্যতৰ কাৰণে সঠিক নিৰ্ণয় লব পাৰে।

শিশুসকলৰ মাজত নতুন আইডিয়া চিন্তা কৰিব পৰা শক্তিৰ বিকাশ : গুৰু সিয়াগৰ বিধিৰ দ্বাৰা শিশুৰ মানসিক শক্তিৰ বিকাশ হোৱাৰ ফলত সি নতুন সৃষ্টিশীল ধাৰণা চিন্তা কৰিব পৰা হয়। সকলো কাৰ্য এক বিভিন্ন ৰুপত শীঘ্ৰে কৰাৰ ক্ষমতা বিকশিত হবলৈ ধৰে। যি বিকাশ অভিভাৱকে বুজাইয়ো কৰাব পৰা নাছিল সেয়া গুৰু সিয়াগৰ সাধনাৰ বলত নিজে নিজে হৈ উঠে। আনন্দিত মানসিক স্থিতি- গুৰু সিয়াগৰ ধ্যানৰ পন্থা, শিশুৰ ব্যক্তিত্বত বহুত ভাল প্ৰভাৱ পেলায়। সিহঁত আনন্দিত আৰু আত্মবিশ্বাসৰে ভৰপুৰ দেখা যায়। কোনো শিশুৱে কৈছে যে ধ্যান আৰম্ভ কৰাৰ পাছত তেওঁ অধিক আশাবাদী হৈ পৰে, তেওঁৰ প্ৰতিটো কামতে আত্মবিশ্বাস বাঢ়ি গল। সমস্যাৰ পৰা ভয় খোৱা বন্ধ হল আৰু নতুন বস্তু মগজুত নিজে নিজে আহিব লোৱা হ’ল। আনন্দিত মানসিক স্থিতিৰ বাবে শিশুৰ কাজিয়া কৰা স্বভাৱ হ্ৰাস পায়। সিহঁতে ওচৰ পাজৰৰ লোকসকলৰ লগত ভাল ব্যৱহাৰ কৰিবলৈ লয় যাৰ বাবে সিহঁতৰ সামাজিক দক্ষতা আৰু সম্বন্ধবোৰত শুদ্ধতা আহে।

উচ্চ চেতনাৰ বিকাশ : শিশুসকলৰ মাজত আনৰ প্ৰতি দয়া আৰু সহানুভূতিৰ বিকাশ, আনৰ প্ৰয়োজনৰ প্ৰতিও সচেতনতা থকা আৰু আনৰ প্ৰতি সদ্ভাৱ ৰখা। অভাৱীৰ প্ৰতি দয়াভাব উৎপন্ন হোৱা আৰু অন্যায়ৰ বিৰুদ্ধে থিয় হোৱাৰ ক্ষমতা বিকাশ হোৱা ইত্যাদি। প্ৰত্যেক পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ বাবেই জীয়াই থাকে আৰু সিহঁতৰ সকলো ধৰণৰ সফলতা চাব বিচাৰে। আগতে যৌথ পৰিয়ালৰ বাবে শিশুসকল ভাবনাত্মক ৰুপেৰে বিকশিত হৈছিল। কিন্তু বৰ্তমান সময়ত একক পৰিয়াল হোৱা হেতু শিশু আৰু পিতৃ-মাতৃ খিংখিঙিয়া হৈ থাকে। শিশুৰ মানসিক বিকাশো সঠিক ৰুপত নহয়, পৰিস্থিতিৰ দাস পিতৃ-মাতৃয়েও শিশুক পৰ্যাপ্ত সময় দিব নোৱাৰে। শিশুৰ সঠিক চোৱা-চিতা নহয়। এনে স্থলত গুৰু সিয়াগৰ ধ্যানৰ বিধিয়ে শিশুক পথভ্ৰষ্ট হোৱাৰ পৰা আতৰত ৰাখে। পিতৃ-মাতৃয়ে শিশুসকলৰ মাজত গুৰু সিয়াগৰ ধ্যান কৰাৰ সংস্কাৰ দিব পাৰিলেই শিশুৰ বাকী সকলো ধ্যান কুণ্ডলিনী শক্তিয়ে নিজে নিজেই ৰাখিব। আৰু আপোনাৰ শিশুক সেই শীৰ্ষতালৈ লৈ যাব যত আপুনি আপোনাৰ শিশুক চাবলৈ বিচাৰে।

error: Content is protected !!