(as) গুৰু সিয়াগ যোগ

  • সুখপ্ৰদ যিকোনো আসনত বহি লব, আপুনি যিকোনো ঠাইতে যিকোনো ধৰণে বহিব পাৰে।
  • ওলট-পালটভাবে মজিয়াত, কুশ্বনত, যোগমেটত, কাৰ্পেটত অথবা মাটিত বহিব পাৰে।
  • যদি ওলট পালট ভাবে বহিবলৈ দিকদাৰ পাই তেন্তে চকী বা চোফাত বহিব পাৰে।
  • যিসকল ৰুগীয়া বা বহিব নোৱাৰে তেওঁলোকে শুই শুইও ধ্যান কৰিব পাৰে।
  • শৰীৰ ঢিলা কৰি বহি লওক, শৰীৰটো টান কৰি ধৰি ৰাখিব নালাগে।
  • যদি বেছি টান কৰি বহা যায় তেতিয়া আপোনাৰ ধ্যান শৰীৰৰ ভাগৰুৱা অংশলৈ যাব।
  • আৰামদায়ক স্থিতিত বহিলে মন শৰীৰৰ ফালে নাযায়।
  • চকু বন্ধ কৰি গুৰুদেৱৰ ওচৰত ধ্যানৰ বাবে সহযোগিতা বিচাৰি প্ৰাৰ্থনা কৰক।
  • বেছিভাগ সাধকেই বিনা এলাৰ্মতে প্ৰায় ১৫ মিনিট পিছত ধ্যানৰ পৰাওলাই আহে।
  • যদি আৰম্ভনিতে সময়ৰ সমস্যা হয় তেন্তে কিছুদিনৰ বাবে ১৫ মিনিটৰ এলাৰ্ম লগাব পাৰে।
  • এলাৰ্মৰ শব্দ সৰু কৰি ৰাখিব যাতে এলাৰ্ম বাজিলে সহজভাবে বাহিৰলৈ আহিব পাৰে।
  • গুৰুদেৱৰ ছবি মনত ৰৈ যোৱালৈ চাই থাকক।
  • তাৰপাছত চকু বন্ধ কৰি মনতে গুৰুদেৱক প্ৰাৰ্থনা কৰক – হে গুৰুদেৱ মোক ১৫ মিনিটৰ ধ্যানত সহযোগ কৰক।
  • পিছত আপোনাৰ চকু বন্ধ কৰি গুৰুদেৱৰ ছবি দুই চেলাউৰিৰ মাজত (তৃতীয় চকু) ৰাখি ভাবক।
  • অৰ্থাৎ আপুনি গুৰুদেৱৰ ছৱি মস্তিস্কত ৰাখি ভাবিব লাগে।
  • উদাহৰণস্বৰুপে যিদৰে আপুনি আপোনাৰ কোনো মিত্ৰ বা প্ৰিয়জনৰ ছৱি ভাবিলে লগে লগে তেওঁৰ ছবি মনত ভাহি উঠে।
  • এই ছবি যিদৰে ভবাৰ লগে লগে মূৰৰ আগভাগলৈ আহি যায় তেনেদৰে গুৰুদেৱৰ ছবিও ভাবক।
  • গুৰুদেৱৰ ছৱি ভাবি ভাবিয়েই মনত ১৫ মিনিটৰ বাবে গুৰুদেৱে দিয়া মন্ত্ৰ জাপ কৰি থাকক।
  • শব্দ নকৰাকৈ মনতে, জিভা আৰু ওঠ লৰচৰ নকৰাকৈ মানসিক জাপ কৰিব লাগে।
  • মন্ত্ৰৰ স্পষ্ট আৰু শুদ্ধ উচ্চাৰণ মধ্যম গতিত মনতে কৰিব লাগে।
  • বেছি লেহেমীয়া গতিত জাপ কৰিলে মন ইফাল সিফাল যোৱাৰ সম্ভাৱনা থাকে, আৰু তীব্ৰ গতিত জাপ কৰিলে শব্দৰ উচ্চাৰণ ভুল হোৱাৰ সম্ভাৱনা থাকে।
  • এনেদৰে ১৫ মিনিট পিছত নিজে নিজেই ধ্যানৰ পৰা আপুনি ওলাই আহিব।
  • ধ্যানৰ সময়ছোৱাত শৰীৰত কিবা যৌগিক অনুভৱ হব পাৰে বা ক্ৰিয়া হব পাৰে।
  • ষেনে শৰীৰত অগা-পিছা দোলন বা মূৰটোৰ সোঁ-বাঁও হেন্দোলনী উঠা, প্ৰাণায়াম হোৱা, তালি বজা, মুখৰ পৰা শব্দ ওলোৱা, আসন, মুদ্ৰা আদি যিকোনো অনুভৱ অনুভূত হব পাৰে।
  • এয়া শৰীৰৰ আৱশ্যকতা অনুসৰি নিজে নিজে হয়।
  • সাধকে এইবোৰ স্বইচ্ছাই কৰা বা ৰখাৰ চেষ্টা কৰিব নালাগে।
  • কিছুমান লোকৰ কম্পন, পোহৰ বা ৰঙ দৃষ্টিগোচৰ হব পাৰে। ই আধ্যাত্মিক মাৰ্গত আগলৈ যোৱাৰ সংকেত।
  • যদি আপোনাৰ ওপৰোক্ত কোনো অনুভৱ হোৱা নাই তেন্তে ধৰা হয আপোনাৰ অগ্ৰগতি হোৱা নাই, হয়তোবা আপোনাৰ বিকাশৰ বাবে উপৰোক্ত অনুভৱৰ দৰকাৰ নহয়।
  • এই ধ্যান প্ৰতিদিনে পুৱা গধুলি ১৫-১৫ মিনিটৰ বাবে কৰিব লাগে আৰু বাকী সময়ৰ অধিক সময় নাম জাপ কৰিব লাগে।
error: Content is protected !!