(as) গুৰু সিয়াগ যোগ

গুৰু সিয়াগ যোগত ধ্যান আৰু মন্ত্ৰৰ মানসিক জাপ কৰা হয়। এই যোগ পদ্ধতিত শক্তিপাত দীক্ষাৰে গুৰুদেৱৰ দ্বাৰা দিয়া মন্ত্ৰ সঞ্জীৱনী মন্ত্ৰ হয়। এই মন্ত্ৰ জাপ কৰিলে কুণ্ডলিনী শক্তি জাগ্ৰত হোৱা প্ৰক্ৰিয়া আৰম্ভ হয়। প্ৰাচীন কালত গুৰুৱে জীৱনভৰ মন্ত্ৰ জাপ কৰি সেই মন্ত্ৰ পিছত নিজৰ কোনো যোগ্য শিষ্যক দিছিল । পিছত সেই শিষ্য (পৰৱৰ্তী গুৰু) ৰ দ্বাৰা সেই মন্ত্ৰ আৰু আগলৈ দিয়া হৈছিল। এনেদৰে এই মন্ত্ৰত অনেক গুৰুৰ সাধনাৰ উৰ্জা ভৰি আছে। কিন্তু বৰ্তমান যুগত এই মন্ত্ৰ মানুহৰ মাজলৈ লৈ যোৱাতো প্ৰয়োজনীয় হৈ পৰিছে। ধ্যান কৰাৰ পদ্ধতি তথা এই মন্ত্ৰ (গুৰু সিয়াগৰ কণ্ঠত) অডিঅ’/ ভি়ডিঅ’ ক্লিপ গুৰু সিয়াগ যোগৰ ৱেব ছাইটত উপলব্ধ হয়। প্ৰতিদিনে ১৫-১৫ মিনিটৰধ্যানৰাতিপুৱা আৰু গধূলি দুবাৰকৈ কৰা হয়। বাকী সময়ত মন্ত্ৰৰ অধিকতম জাপ কৰা হয়। মন্ত্ৰৰ অহৰহ জাপ কৰাৰ ফলত মন্ত্ৰ অজপা জাপলৈ পৰিৱৰ্তিত হয়। অৱশ্যে ই সাধকৰ নিষ্ঠা আৰু নিয়মানুৱৰ্তিতাৰ ওপৰত নিৰ্ভৰ কৰিব। গুৰু সিয়াগ যোগ সম্পুৰ্ণ বিনামুলীয়া।

error: Content is protected !!