গুৰু সিয়াগ যোগত শক্তিপাত দীক্ষাৰ দ্বাৰা কুণ্ডলিনী জাগ্ৰত কৰা হয়। সামৰ্থবান গুৰুৰ দ্বাৰা শক্তিপাত দীক্ষা চাৰি প্ৰকাৰে হয়- স্পৰ্শ, দৃষ্টি, মন্ত্ৰ আৰু দৃঢ় সংকল্পৰ দ্বাৰা। গুৰু সিয়াগ যোগত শক্তিপাত দীক্ষা দিব্য মন্ত্ৰৰ দ্বাৰা হয়। এই মন্ত্ৰ কেৱল গুৰু সিয়াগৰ কন্ঠ (অডিও, ভিডিও ক্লিপ) ৰেহে শুনিব পাৰি। শক্তিপাঠৰ অৰ্থ উৰ্জাৰ সংৰচন। শক্তিপাঠৰ সমৰ্থ গুৰুৱে দিব্য মন্ত্ৰৰ দ্বাৰা সাধকৰ কুণ্ডলিনী জগাই তোলে। সেই কুণ্ডলিনী শক্তিক ওপৰলৈ লৈ যোৱাৰ সাধনা গুৰুৱে কোৱা মাৰ্গেৰে সাধকে স্বয়ং কৰিব লাগে। গুৰু সিয়াগ যোগ, নাথমতৰ দেন হয় যাক শক্তিপাত কোৱা হয়। প্ৰায়ে সাধকে ভাবে যে শক্তিপাতত গুৰুৰ উৰ্জা সাধকৰ শৰীৰলৈ পৰিৱৰ্তন হয় বা গুৰুৱে সাধকৰ শৰীৰত বাহিৰৰ পৰা কিবা সুমুৱাই দিয়ে। কিন্তু এই সম্পৰ্কে গুৰু সিয়াগ যোগে অন্যহে কয় – সকলো বৈদিক জ্ঞান আৰু শাস্ত্ৰ অনুসৰি কুণ্ডলিনী শক্তি মানব মাত্ৰেই মূলাধাৰত সুপ্ত অৱস্থাত থাকে। গতিকে শক্তিৰ পৰিৱৰ্তন এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সম্ভব নহয়। সাধাৰণ অৰ্থত শক্তিপাতৰ অৰ্থ হৈছে- এটি জ্বলি থকা (প্ৰকাশিত) চাকিৰ পৰা আন এক নজ্বলা (অপ্ৰকাশিত) চাকি জ্বলোৱা। প্ৰত্যেক মানব জন্মতে পূৰ্ণ হয়, আপুনি এনে এগছি চাকি য’ত তেল আৰু শলিতা দুয়োবিধে আছে মাত্ৰ অগ্নি সংযোগ কৰি জ্বলাবহে বাকী। আপোনাক কেৱল আন এগছি জ্বলি থকা চাকিৰ আৱশ্যক। যেতিয়াই আপুনি সেই প্ৰকাশিত চাকিগছিৰ সংস্পৰ্শলৈ আহিব, আপোনাৰ ভিতৰতো প্ৰকাশ আৰম্ভ হব। এয়াই গুৰু সিয়াগ যোগৰ শক্তিপাত হয়।