(as) গুৰু সিয়াগ যোগ

  • কোনো ধৰণৰ পূজা পাঠ, মালা, তিলক, চন্দন, আৰতি, মিঠাই, নাৰিকল, দিশ, দিন, ব্ৰত, উপবাস, তীৰ্থ, মন্দিৰ-মছজিদ আদি কাৰ্যৰ দৰকাৰ নাথাকে।
  • সমগ্ৰ বিশ্বতে যিকোনো ঠাইতে গুৰুদেৱক লগ নোপোৱাকৈয়ে, কেৱল গুৰুদেৱৰ ফটোৰেই ধ্যানৰ সুফল পাব পাৰে।
  • দীক্ষাৰ বাবে, গুৰুদেৱৰ ওচৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাথাকে।
  • মন্ত্ৰৰ দীক্ষা ভিডিও বা অ’ডিও চি ডি ৰ জৰিয়তে, টি.ভি, ই-মেইলৰ দ্বাৰাও লব পাৰে।
  • মন্ত্ৰ জাপ কোনো অন্য ব্যক্তি (যিসকলে নিজে কৰিবলৈ অক্ষম, যি সৰু বা নাবালক শিশু, মানসিক বিকৃতি থকা) ৰ বাবেও কৰিব পাৰে।
  • কোনোধৰণৰ কোৰ্ছ বা প্ৰশিক্ষণ লোৱাৰ প্ৰয়োজন নাই।
  • গুৰু সিয়াগৰ সিদ্ধযোগ কৰিবলৈ যোগৰ কোনোধৰণৰ প্ৰাৰাম্ভিক জ্ঞানৰ দৰকাৰ নহয়।
  • একো এৰিব নালাগে, যিটো বস্তুৰ তোমাক প্ৰয়োজন নাই সেইটো নিজে নিজে আতৰি যাব।
  • কোনো লেন-দেনৰ প্ৰয়োজন নাথাকে, গুৰু সিয়াগ যোগ সম্পূৰ্ণ বিনামূলীয়া, কোনো প্ৰত্যক্ষ বা পৰোক্ষ ভাবে দানৰ প্ৰয়োজন নাই, কোনোধৰণৰ পঞ্জীয়ণৰ দৰকাৰ নহয়।
  • কোনোধৰণৰ পাপ-পুণ্য, স্বৰ্গ বা নৰকৰ কথা কৈ ভয়াভীত কৰা নহয়।
  • আধ্যাত্মিকতাৰ নামত কোনো প্ৰকাৰৰ ঘটনা বা কাহানী শুনোৱা নহয়।
  • যোগৰ নামতো কোনো কছৰৎ কৰোৱা নহয়।
  • কোনোধৰণৰ দৰৱ বা ভেষজ বিক্ৰী কৰা নহয়।
error: Content is protected !!