সকলো প্ৰকাৰৰ ক্ৰোধ পৰিস্থিতিক অধীন কৰিবলৈ কৰা চেষ্টাৰ কাৰণে হয় আৰু পৰিস্থিতি ইচ্ছানুসাৰে ঘটিত নহয় আমাৰ ভিতৰত নিৰাশা আৰু খঙহে উৎপন্ন কৰে। আমি আমাৰ কোনো ইচ্ছা পূৰণ কৰিবলৈ আতুৰ হৈ পৰো, যাৰ ফলত সেই ইচ্ছা পূৰণ নহলেই আমাৰ নিজৰ ভিতৰৰ উৰ্জা অগ্নিলৈ ৰুপান্তৰিত হয়আৰু ইয়েই আমাক জ্বলাই (ক্ৰোধিত কৰে) । গুৰু সিয়াগে কয় যে- মৃত্যৰ পাছত শৰীৰ অগ্নিত জ্বলাই দিয়া হয়, অগ্নিয়ে ইয়াক ছাইলৈ ৰুপান্তৰিত কৰে। কিন্তু ক্ৰোধে ব্যক্তিক জীৱন্তে জ্বলায়। আমি সেই ক্ৰোধতে নিজৰ বিবেক হেৰুৱাই পেলাও আৰু ক্ৰোধতে সেই সকলো কৰি পেলাও বা কৈ পেলাও যিবোৰ পুনৰাই ঠিক কৰিব পৰা নাযাই, যাৰ ফলত চিৰদিনৰ বাবে লোকচানৰ সন্মুখীন হব লগা হয়। ইয়াৰ ফলত সৃষ্টি হোৱা খঙৰ বাবে জীৱনত ভুল সিদ্ধান্তৰ শৃংখলা আৰম্ভ হয়। থেৰাপিষ্ট আৰু চিকিৎসকে এই ক্ৰোধৰ পৰা পৰিত্ৰাণ পাবলৈ বহু ধৰণৰ উপায়ৰ কথা কয় যেনে খং নিয়ন্ত্ৰণ কৰিবলৈ বাহ্যিক প্ৰয়াস, খং প্ৰশমিত কৰা বা ইয়াক অন্য কোনো উপযোগী কামলৈ সলনি কৰাৰ চেষ্টা, বা উশাহ নিশাহৰ ব্যায়ামৰ দ্বাৰা খং প্ৰশমিত কৰাৰ চেষ্টা। কিছুমান বিশেষ পৰিস্থিতিত খঙৰ পৰা তাৎক্ষণিক পৰিত্ৰাণৰ বাবে টোপনিৰ দৰব বা মগজু নিয়ন্ত্ৰনত অনা দৰব দিয়া আদি। এই সকলো উপাই কিছু পৰ্যায়লৈহে আৰু বহুত কম সময়লৈহে সহায়ক হয়। কিন্তু খঙৰ সমস্যা সমাধান নহয়। অন্যভাষাত কব হলে এই উপায়েৰে কিছু পৰিমানে সেই খঙক বাহিৰলৈ উলিয়াই পঠিওৱাৰ সলনি ভিতৰৰফালে ঘূৰাই দিয়ে, কিন্তু খং স্থায়ীৰুপত শেষ নহয়। গুৰুদেৱে কয় যে, এনেদৰে কেতিয়াও সমাপ্ত নোহোৱা ক্ৰোধৰ শৃংখলা এটি আৰম্ভ হয়। তুমি তোমাৰ খং কাৰোবাৰ ওপৰত এৰি দিয়া আৰু সেই ব্যক্তিয়েও সেই খং শান্তিৰে গ্ৰহণ নকৰিব। সেই ব্যক্তিৰ খং কোনো অন্য ৰুপত আপোনাৰ বা আন কাৰোবাৰ ওপৰত প্ৰকাশ পাব। এনেদৰে খং শান্ত হোৱাৰ কোনো শেষ নাই। এইটো এনেকুৱা হয় যে কাৰবাৰ ওপৰত লেতেৰা জাপি দিলে নিজলৈও লেতেৰা চপাই লোৱাহে হয়। জন্ম জন্মান্তৰৰ পৰা এইটো চলি আহিছে যে এতিয়া এই ক্ৰোধ ঘৃণালৈ পৰিৱৰ্তিত হৈছে। কোনেও এই ঘৃণা চক্ৰটো চিঙিব পৰা নাই।
গতিকে এই খং আৰু ঘৃণাৰ চক্ৰটো ভঙা কিদৰে যায়? ইয়াৰ বাবে গুৰুদেৱে কয় যে এই খঙক সম্পুৰ্ণৰুপে নোহোৱা কৰিবলৈ বা গলাই পেলাবলৈ ধ্যান সমুদ্ৰৰ প্ৰয়োজন হয়। খঙৰ কাৰণ অন্য কাৰোবাৰ মাজত বিচৰাৰ পৰিৱৰ্তে, সাধকে ইয়াক পৰ্যবেক্ষণ কৰিব লাগে, তেতিয়া ব্যক্তিয়ে গম পাব যে ক্ৰোধ একপ্ৰকাৰৰ আবেগ হয় যাৰ শিপা কোনো দ্বিতীয় ব্যক্তি বা ঘটনাত নাথাকে।. ধ্যানত তুমি কাৰো প্ৰতি খং ভাব নাৰাখা। কেৱল তুমি খঙত থাকা। তুমি পাবা যে ক্ৰোধ এক এনেকুৱা উৰ্জা হয় যিটো বাহিৰতে আছিল আৰু তুমি তাক নিজৰ ভিতৰলৈ সোমাবলৈ অনুমতি দিছা। যেতিয়া ই তোমাৰ ভিতৰত প্ৰবেশ কৰে তেতিয়া এক বিশেষ ৰুপ লয়। ই ক্ৰোধ বা কোনো অন্যফালে ঢাল খাব অথবা নিজক হাঁহিয়তৰ পাত্ৰ কৰা স্থিতিলৈহে নিয়া হব। ধ্যানত সেই ক্ৰোধৰ কোনো বিশেষতা নাথাকে, যেতিয়াই খং অনুভৱ কৰিব সাধকে তাক ধ্যানত বিসৰ্জিত কৰিব। এনেদৰে যি খং তোমাৰ ফালে আহিছিল তাক সেই ব্ৰহ্মাণ্ডত পেলাই দিয়া হয়। যিদৰে এখন নদী সমুদ্ৰত মিলি যায় তেতিয়া নিজৰ স্বৰুপ হেৰুৱাই সমুদ্ৰৰ ৰুপ লয়। ঠিক সেইদৰে খং ধ্যানত এৰি দিলে সেয়া সেই ব্ৰহ্মাণ্ডত বিলীন হৈ যায়। এয়া এবাৰ মাত্ৰ প্ৰয়াসতে নহয়। সাধকৰ খং উঠিলেই সচেতনভাবে এই বিধি অৱলম্বন কৰিব লাগে। লাহে লাহে আপোনাৰ খং নাইকীয়া হব। যদি খং উঠি থকা সময়ত ধ্যান কৰাতো সম্ভব নহয় তেন্তে মন্ত্ৰ জাপ আৰম্ভ কৰি দিব লাগে। গুৰুদেৱে কয় যে তুমি যেতিয়াই খঙৰ প্ৰথম তৰংগ অনুভৱ কৰা, লগে লগে মন্ত্ৰ জাপ কৰিবলৈ আৰম্ভ কৰিব লাগে। মন্ত্ৰৰ তৰংগই সেই খঙৰ তৰংগৰ ব্যৰ্থতাৰ অনুভৱ নিজে নিজে কৰাব। খঙৰ সেই তৰংগ তোমাৰ ভিতৰত সোমোৱাৰ বিপৰীতে কাষেৰে পাৰ হৈ যাব। তুমি খঙৰ সেই তৰংগৰ পৰা প্ৰভাৱিত নোহোৱাকৈ থাকি যাবা।