প্ৰায় সকলোৰে ধাৰণা এটা যে মেডিটেচন কৰিবলৈ ধ্যান কেন্দ্ৰিত কৰিব লাগে, সেয়েহে ই শিশুৰ উপযোগী নহয়। এই চিন্তা শুদ্ধ নহয়। কোনো শিশুয়ে শান্ত হৈ ১৫ মিনিট সময় বহিব নোৱাৰে কিন্তু ৫ মিনিটৰ বাবে ধ্যান নিশ্চয় কৰিব পাৰে। যোতিয়া শিশুৱে এই শান্ত সময়খিনি উপভোগ কৰিবলৈ শিকিব সময়ৰ পৰিসৰ নিজে নিজে বাঢ়ি যাব। শিশুকালছোৱাই হৈছে এনেকুৱা সময় যেতিয়া শিশুসকলৰ ওপৰত কোনোধৰণৰ দায়িত্ব নাথাকে আৰু শিশুসকলে নিজৰ শিশুকাল উপভোগ কৰা উচিত, প্ৰায়েই ডাঙৰসকলে শিশুৰ বিষয়ে এনেদৰেই ভাবে। কিন্তু এয়া আংশিক সত্যহে। নিশ্চিতভাবেই শিশুসকল নিজৰ কাৰ্যৰ পৰিণাম বা ভৱিষ্যতৰ বিষয়ে চিন্তা কৰিবলৈ বুজন নহয়। কিন্তু শিশুৰো নিজৰ সমস্যা থাকে যেনে পঢ়া-শুনাৰ চিন্তা, বিদ্যালয়ৰ চিন্তা, ডাঙৰৰ তেওঁলোকৰ প্ৰতি ব্যৱহাৰ, সামাজিক বাতাবৰণ আৰু আশা, শৰীৰৰ প্ৰতি চিন্তা (ৰুপ-ৰং), ইত্যাদি। এনেধৰণৰ উদ্বেগে, শিশুৰ ব্যৱহাৰ, খোৱা-লোৱাৰ অভ্যাস, শাৰীৰিক বিকাশ, স্বাস্থ্য, বিদ্যালয়ৰ পঢ়া-শুনা, আচাৰ-ব্যৱহাৰ আদি আৰু অন্য শিশুৰ সৈতে আদান-প্ৰদান আদিত নাকাৰাত্মক ভাবে প্ৰভাৱ পেলায়। গুৰু সিয়াগ যোগে এনেধৰণৰ উদ্বেগৰ দ্বাৰা হোৱা প্ৰভাৱৰ পৰা শিশুক মুক্ত কৰে। শিশুৰ ভিতৰত লুকাই থকা যোগ্যতা আৰু প্ৰতিভাক চমকাই তোলে। গুৰু সিয়াগৰ যোগক বৰ সহজে শিশুৰ স্কুল আৰু ঘৰৰ দৈনিক কামৰ লগত মিলাই লব পৰা যায়।
গুৰু সিয়াগ যোগৰ দ্বাৰা শিশুসকলৰ হোৱা লাভ (GSY for Kids) –
শিশুক উদ্বেগমুক্ত কৰে : আমি প্ৰায়ে ভাবো যে ধ্যান মানে বিচাৰহীন হোৱাৰ চেষ্টা কৰা, আছলতে সেয়া শুদ্ধ নহয়। আছলতে ই অশান্ত মনক শান্ত কৰাৰ বিধিহে। যিদৰে পানী ভৰ্তি গিলাচ এটাত মাটি ভৰাই লৰাই দিলে সম্পুৰ্ণ গিলাচটোতে মাটিখিনি সাতুৰি থকা দেখা যায়। পিছত লাহে লাহে মাটিখিনি গিলাচৰ তলত বহি যায়। কিছুসময় পিছত মাটি থকা স্বত্বেও গিলাচত পৰিস্কাৰ পানী দৃষ্টিগোচৰ হয়। ঠিক সেইদৰে যেতিয়া আমি মেডিটেচন কৰো বিবেচনাবোৰ কিছুসময় মনতে ঘূৰি থাকে। পিছত শিশুৰমন মন্ত্ৰ জাপত কেন্দ্ৰীভূত হ’লে লাহে লাহে বিচাৰবোৰ শান্ত হবলৈ ধৰে আৰু মনো শান্ত হয়। যেতিয়া মন শান্ত হয় তেতিয়া তাৰ প্ৰভাৱ সম্পূৰ্ণ শৰীৰতে পৰে আৰু উদ্বেগ কম বা নাইকীয়া হৈ যায়।
পঢ়া–শুনাত ভাল প্ৰদৰ্শন : শিশুসকলৰ এই কম উদ্বিগন্নতাই সিহঁতৰ সজাগতা বৃদ্ধি কৰে আৰু ধ্যান কেন্দ্ৰীত কৰে। যিসকল বিদ্যাৰ্থীয়ে গুৰু সিয়াগ যোগৰ নিয়মিত অভ্যাস কৰে সেইসকলে ধ্যানৰ পিছত কঠিন বিষয়কো সহজ অনুভৱ কৰে বুলি তেওঁ কয়। একাগ্ৰতা বৃদ্ধিৰ ফলত সিহঁতৰ স্মৃতিশক্তিও বৃদ্ধ হয় আৰু সেয়ে সহজে মনত ৰোৱা হয়।
চিন্তা আৰু হতাশা কম হয় : প্ৰায়ে আমি শুনিবলৈ পাওঁ কোনো শিশু পঢ়াৰ বোজাৰ বাবে বা বিফল হোৱাৰ ভয় বা অন্য কাৰণত হতাশাত ভুগি আত্মহনন কৰে। যদি সিহঁতৰ স্কুল বা কলেজত ১৫ মিনিটৰ ধ্যান পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি লয় তেন্তে এনেধৰণৰ ভয়ানক ঘটনাৰ পৰা বাচিব পৰা যায়। সেইবাবে কমেও পিতৃ-মাতৃয়ে ঘৰত পুৱা-গধুলি ধ্যানৰ বাবে শিশুসকলক বহুৱাব লাগে। শিশুৱে যিমানে কম বয়সত ধ্যান আৰম্ভ কৰিব সিমানে সোনকালে উন্নতিও কৰিব। গুৰু সিয়াগৰ বিধি মতে ধ্যান কৰা শিশুৱে কৈছে যে এতিয়া আগতকৈ ভালভাৱে উদ্বেগ আৰু চিন্তাৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে। পৰীক্ষাৰ আগত ধ্যান, পঢ়িবলৈ বহাৰ আগতে ধ্যান কৰিলে মন বা শৰীৰক শান্ত কৰি ৰাখে আৰু হাতত লোৱা কামত মন ভালদৰে কেন্দ্ৰীভুত হয়।
গুৰু সিয়াগৰ ধ্যানে ভাবনাত্মক সন্তুলনক মজবুজত কৰে : শিশুৱে যিকোনো চাপ থকা পৰিস্থিতিতো শান্ত হৈ ঘটনাৰ অৱলোকন কৰিব পাৰে আৰু আৱেগিক বা হতাশ নোহোৱাকৈয়ে ভৱিষ্যতৰ কাৰণে সঠিক নিৰ্ণয় লব পাৰে।
শিশুসকলৰ মাজত নতুন আইডিয়া চিন্তা কৰিব পৰা শক্তিৰ বিকাশ : গুৰু সিয়াগৰ বিধিৰ দ্বাৰা শিশুৰ মানসিক শক্তিৰ বিকাশ হোৱাৰ ফলত সি নতুন সৃষ্টিশীল ধাৰণা চিন্তা কৰিব পৰা হয়। সকলো কাৰ্য এক বিভিন্ন ৰুপত শীঘ্ৰে কৰাৰ ক্ষমতা বিকশিত হবলৈ ধৰে। যি বিকাশ অভিভাৱকে বুজাইয়ো কৰাব পৰা নাছিল সেয়া গুৰু সিয়াগৰ সাধনাৰ বলত নিজে নিজে হৈ উঠে। আনন্দিত মানসিক স্থিতি- গুৰু সিয়াগৰ ধ্যানৰ পন্থা, শিশুৰ ব্যক্তিত্বত বহুত ভাল প্ৰভাৱ পেলায়। সিহঁত আনন্দিত আৰু আত্মবিশ্বাসৰে ভৰপুৰ দেখা যায়। কোনো শিশুৱে কৈছে যে ধ্যান আৰম্ভ কৰাৰ পাছত তেওঁ অধিক আশাবাদী হৈ পৰে, তেওঁৰ প্ৰতিটো কামতে আত্মবিশ্বাস বাঢ়ি গল। সমস্যাৰ পৰা ভয় খোৱা বন্ধ হল আৰু নতুন বস্তু মগজুত নিজে নিজে আহিব লোৱা হ’ল। আনন্দিত মানসিক স্থিতিৰ বাবে শিশুৰ কাজিয়া কৰা স্বভাৱ হ্ৰাস পায়। সিহঁতে ওচৰ পাজৰৰ লোকসকলৰ লগত ভাল ব্যৱহাৰ কৰিবলৈ লয় যাৰ বাবে সিহঁতৰ সামাজিক দক্ষতা আৰু সম্বন্ধবোৰত শুদ্ধতা আহে।
উচ্চ চেতনাৰ বিকাশ : শিশুসকলৰ মাজত আনৰ প্ৰতি দয়া আৰু সহানুভূতিৰ বিকাশ, আনৰ প্ৰয়োজনৰ প্ৰতিও সচেতনতা থকা আৰু আনৰ প্ৰতি সদ্ভাৱ ৰখা। অভাৱীৰ প্ৰতি দয়াভাব উৎপন্ন হোৱা আৰু অন্যায়ৰ বিৰুদ্ধে থিয় হোৱাৰ ক্ষমতা বিকাশ হোৱা ইত্যাদি। প্ৰত্যেক পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ বাবেই জীয়াই থাকে আৰু সিহঁতৰ সকলো ধৰণৰ সফলতা চাব বিচাৰে। আগতে যৌথ পৰিয়ালৰ বাবে শিশুসকল ভাবনাত্মক ৰুপেৰে বিকশিত হৈছিল। কিন্তু বৰ্তমান সময়ত একক পৰিয়াল হোৱা হেতু শিশু আৰু পিতৃ-মাতৃ খিংখিঙিয়া হৈ থাকে। শিশুৰ মানসিক বিকাশো সঠিক ৰুপত নহয়, পৰিস্থিতিৰ দাস পিতৃ-মাতৃয়েও শিশুক পৰ্যাপ্ত সময় দিব নোৱাৰে। শিশুৰ সঠিক চোৱা-চিতা নহয়। এনে স্থলত গুৰু সিয়াগৰ ধ্যানৰ বিধিয়ে শিশুক পথভ্ৰষ্ট হোৱাৰ পৰা আতৰত ৰাখে। পিতৃ-মাতৃয়ে শিশুসকলৰ মাজত গুৰু সিয়াগৰ ধ্যান কৰাৰ সংস্কাৰ দিব পাৰিলেই শিশুৰ বাকী সকলো ধ্যান কুণ্ডলিনী শক্তিয়ে নিজে নিজেই ৰাখিব। আৰু আপোনাৰ শিশুক সেই শীৰ্ষতালৈ লৈ যাব যত আপুনি আপোনাৰ শিশুক চাবলৈ বিচাৰে।