প্ৰত্যেক ব্যক্তিৰ ভিতৰত তিনি প্ৰকাৰৰ বৃত্তি থাকে- সাত্বিক (শুদ্ধ, শান্ত, প্ৰকাশ), ৰাজসিক (আবেশপূৰ্ণ, তীব্ৰ, ক্ৰোধশীলতা), তামসিক (নিস্ক্ৰিয়, নকাৰাত্মক, অজ্ঞানতা, এলেহুৱা) । এই বৃত্তিসমূহে প্ৰত্যেকৰে ব্যক্তিত্ব নিৰ্ধাৰণ কৰে, বৃত্তিৰ আধাৰতেই ব্যক্তিৰ জীৱন, তেওঁৰ কৰ্ম, শোক, আদি হয়। ব্যক্তিৰ খোৱাৰ ধৰণো তেওঁৰ বৃত্তিৰ আধাৰত হয়। যিদৰে তামসিক বৃত্তি ভাৰী হ’লে ব্যক্তি নিচাৰ বশৱৰ্তী হয়। ধ্যান আৰু নামজপৰ দ্বাৰা ব্যক্তিৰ বৃত্তিত পৰিৱৰ্তন আহে। কোনো ব্যক্তিয়ে নিৰন্তৰ নাম জাপ কৰাৰ ফলত এনেকুৱা এক নিচাৰ আৱেশত সোমাই থাকে যে তেওঁ অন্য বস্তুৰ নিচা লোৱাৰ প্ৰয়োজন অনুভৱ নকৰে। যাৰ দ্বাৰা অখাদ্য বস্তৰ নিচা নিজে নিজেই নোহোৱা হৈ যায়। নিচা আপুনি নহয়, আপোনাৰ ভিতৰত থকা তামসিক বৃত্তিটোৱে বিচাৰে। এই ধ্যানৰ দ্বাৰা তামসিক বৃত্তি, সাত্বিক বৃত্তিলৈ পৰিবৰ্তন হয় আৰু অবাঞ্ছিত বা শৰীৰৰ বাবে অনুপযোগী বা হানিকাৰক বস্তু নিজে নিজে দূৰ হয়। এই সম্পৰ্কে স্বামী বিবেকানন্দদেৱে আমেৰিকাত কৈছিল যে “বস্তুক আপুনি এৰাৰ দৰকাৰ নহয়, সি নিজে আপোনাক এৰি যাব”। সকলো প্ৰকাৰৰ নিচা যেনে মদ, আফিং, ধুম্ৰপান, ভাং, বি়ড়ি, চিগৰেট, গুটখা, জৰ্দা আদিৰ পৰা বিনা পৰিশ্ৰমেৰে মুক্তি লাভ কৰে। যিকোনো খাদ্য-বস্তুৰ প্ৰতি তীব্ৰ আকৰ্ষণ নিজে নিজে নাইকিয়া হ’ব আৰু কোনোধৰণৰ পাৰ্শ্বক্ৰিয়াও নাথাকে। যিদৰে কোনেও মেদবহুলতা নিবিচাৰে, কিন্তু খোৱাৰ (বাস্তৱিকতে শৰীৰৰ তাগিদা) অভ্যাস বন্ধ নহয়, এই ধ্যান তথা নাম জাপৰ জৰিয়তে শৰীৰৰ ওজন হ্ৰাস হোৱাত সহায়ক হয়। খোৱা লোৱাৰ অভ্যাস আপোনাৰ নিয়ন্ত্ৰনলৈ আহিব ধৰিব। এনেধৰণৰ যিকোনো অভ্যাস যিটো আপুনি এৰিব বিচাৰে এই ধ্যান তথা জাপৰ জৰিয়তে স্বয়ংক্ৰিয়ভাবে এৰা যাব। আজি সম্পূৰ্ণ বিশ্বতে ভয়ংকৰ ৰূপত উদ্বেগ বৃদ্ধি পাইছে। সেয়েহে আজিৰ সময়ত বিশ্বত মনোৰোগীৰ সংখ্যা সৰ্বাধিক, বিশেষকৈ পশ্চিমীয়া দেশত। ভৌতিক বিজ্ঞানৰ ওচৰত মানসিক উদ্বেগ শান্ত কৰাৰকোনো কাৰ্যকৰী বিধি নাই। ভৌতিক বিজ্ঞানে কেৱল নিচাৰ সহায়ত মগজু শান্ত কৰাৰ ব্যৰ্থ প্ৰয়াস কৰে। দৰৱৰ নিচা শেষ হোৱা মাত্ৰকেই উদ্বেগ আগৰ দৰে হৈ উঠে, লগতে সেই সম্বন্ধীয় আনুসংগিক ৰোগো অনুৰুপ থাকে। বৈদিক মনোবিজ্ঞান অৰ্থাৎ গুৰু সিয়াগ যোগে, মানসিক উদ্বেগ শান্ত কৰাৰ ক্ৰিয়াত্মক বিধি আগবঢ়ায়। ভৌতিক বিজ্ঞানৰ দৰে ভাৰতীয় যোগ দৰ্শনেও নিচা একধৰণৰ পূৰ্ণ উপাচাৰ বুলি ভাবে, কিন্তু সেই নিচা ঈশ্বৰৰ হব লাগে অন্য কোনো ভৌতিক পদাৰ্থৰ নহয়।