আধুনিক চিকিৎসাবিজ্ঞানত মানব শৰীৰত মুখ্যত দুই প্ৰকাৰৰ বেমাৰ থাকে, সেয়া হ’ল- শাৰিৰীক আৰু মানসিক। যিবোৰ চিকিৎসকে আভ্যন্তৰীণ বা বাহ্যিকভাবে ঔষধ অথবা থেৰাপীৰ জৰিয়তে চিকিৎসা কৰে। প্ৰাচীন কালৰ যোগীসকলে ধ্যানৰ অনুভৱৰ আধাৰত কয় যে ব্যক্তিৰ শৰীৰত ৰোগ বৰ্তমান বা অতীতৰ কৰ্মৰ ভিত্তিত হয়। ব্যক্তিৰ প্ৰত্যেক আচৰণৰে প্ৰতিক্ৰিয়া (কৰ্মৰ ফল)হয়, যিবোৰৰ ফল হয়তো এই জন্মতে হব অন্যথা পিছৰ জন্মত হয়। মানুহ মাত্ৰেই জীৱন মৃত্যুৰ চক্ৰত বান্ধ খাই থাকে আৰু তেওঁ কৰ্মৰ আধাৰত জীৱনৰ অনুভৱ কৰে। এয়া প্ৰকৃতিৰ নিয়ম। ব্যক্তি জীৱন মৰণৰ এই চক্ৰতে বান্ধ খাই থাকে। গুৰু সিয়াগ যোগৰ সাধনাৰে সাধকে কৰ্মৰ বন্ধনৰ পৰা মুক্ত হয় আৰু সমৰ্থ গুৰুৰ বিধি হোৱা হেতু কষ্ট সহজ ৰূপত পাৰ হয়। লগতে সাধনাৰ বলত কোনোধৰনৰ ভুল কাৰ্য নহয়। আত্মসাক্ষাৎ হোৱাৰ বাবে সাধকে কৰ্মফলৰ ইচ্ছাৰ পৰা সহজেই মুক্ত হব পাৰে। পতঞ্জলি যোগসূত্ৰত শাৰীৰিক (আদিদৈহিক), আৰু মানসিক (আদিভৌতিক)ৰোগৰ ওপৰিও আধ্যাত্মিক(আদিদৈবিক)ৰোগৰ কথাও উল্লেখ আছে। আধ্যাত্মিক ৰোগৰ বাবে আধ্যাত্মিক উপাচাৰৰো প্ৰয়োজন আছে। নিয়মিত ধ্যান আৰু নাম জাপ কৰি সাধকে আধ্যাত্মিক ৰোগৰ পৰা শীঘ্ৰে মুক্তি পাব পাৰে।